সানমিহলি - Mix (Part - 02) [Download PDF] - Assamese GK - (Axomiya GK)

Assam GK, Assamese GK, Assamese GK for Jobs, All assam job, General Knowledge in Assamese, Assam Job Question Answer, GK, Assamese General Knowledge

 সানমিহলি প্ৰশ্নোত্তৰ

Mixed Question Answer (Part - 02)

Assamese GK

Contents


প্ৰশ্নোত্তৰ


১) প্ৰশ্ন : হাজোৰ পোৱামক্কা কোনে সজাইছিল?
উত্তৰ : গিয়াচুদ্দিন আউলিয়া।

২) প্ৰশ্ন : অসমৰ প্ৰথম লোক আদালত ক’ত স্থাপন হৈছিল?
উত্তৰ : হাজোত।

৩) প্ৰশ্ন : অসমৰ প্ৰথম ছপাশাল খনৰ নাম কি?
উত্তৰ : মিছন প্ৰেছ, শিৱসাগৰ।

৪) প্ৰশ্ন : অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত?
উত্তৰ : সৰ্থেবাৰী (বৰপেটা)।

৫) প্ৰশ্ন : ৰংঘৰ কোন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?
উত্তৰ : প্ৰমত্ত সিংহই।

৬) প্ৰশ্ন : কোনজন আহোমৰজাই পোন প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল?
উত্তৰ : চুহুংমুং।

৭) প্ৰশ্ন : ভাৰতৰ সংবিধানখন কোন চনৰ কোন তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছিল?
উত্তৰ : ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখৰ পৰা ।

৮) মূলা গাভৰুৰ স্বামীৰ নাম কি?
উত্তৰ : ফ্ৰাচেনমুং বৰগোহাঁই।

৯) প্ৰশ্ন : নৰ নাৰায়ণৰ ভাতৃ সেনাপতি চিলাৰায়ৰ আচল নাম কি?
উত্তৰ : শুক্লধ্বজ।

১০) প্ৰশ্ন : কোনজন বিখ্যাত বিদেশী পৰিব্ৰাজকক ‘মোক্ষদেৱ’ বুলি কোৱা হয়?
উত্তৰ : হিউৱেন চাঙক।

১১) প্ৰশ্ন : বিখ্যাত শৰাইঘাটৰ ৰণ কোন চনত হৈছিল?
উত্তৰ : ১৬৭১ চনত।

১২) কোন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল?
উত্তৰ : স্বৰ্গদেউ লক্ষ্মীসিংহ।

১৩) প্ৰশ্ন : মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল?
উত্তৰ : ১৮৫৮ চনত।

১৪) প্ৰশ্ন : ‘হস্তী বিদ্যাৰ্ণৱ’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
উত্তৰ : সুকুমাৰ বৰকাইথ।

১৫) প্ৰশ্ন : অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰৰ্প্ৰথম সভাপতি কোন?
উত্তৰ : তৰুণৰাম ফুকন।

১৬) প্ৰশ্ন : বিদেশী বহিষ্কাৰৰ দাবীত অসমৰ ছাত্ৰসকলে কোন চনত ‘অসম আন্দোলন’ আৰম্ভ কৰিছিল?
উত্তৰ : ১৯৭৯ চনত।

১৭) প্ৰশ্ন : কোন চনত প্ৰথম বাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ হয়?
উত্তৰ : ১৯৭৯ চনত।

১৮) প্ৰশ্ন : কোন চনত ছাহদুল্লাৰ মন্ত্ৰীসভা গঠন হয়?
উত্তৰ : ১৯৩৭ চনত (স্বাধীনতাৰ আগত)

১৯) প্ৰশ্ন : অসমৰ প্ৰথম চাহ খেতিয়কজন কোন?
উত্তৰ : জগন্নাথ বৰুৱা। (যোৰহাট)।

২০) প্ৰশ্ন : স্বাধীনতা যুঁজৰ প্ৰথম গৰাকী অসমীয়া শ্বহীদ কোন?
উত্তৰ : পিয়লি ফুকন।

২১) প্ৰশ্ন : ‘কলা শিৰোমণি বঁটা’ লাভ কৰা অসমৰ মুখ্যমন্ত্ৰী গৰাকী কোন?
উত্তৰ : হিতেশ্বৰ শইকীয়া। (১৯৯১ চনত তেওঁ এই সন্মান লাভ কৰে)।

২২) প্ৰশ্ন : ৰাজ্যপালৰ আসন অধিষ্ঠিত কৰা অসমৰ প্ৰথম ব্যক্তিজন কোন?
উত্তৰ : বিষ্ণুৰাম মেধি (তামিনাডুৰ)।

২৪) প্ৰশ্ন : ২০০৫ চনত কাৰ নেতৃত্বত বি. টি. এ. ডি. ৰ কাৰ্যবাহী পৰিষদ গঠিত হৈছিল?
উত্তৰ : হাগ্ৰামা মহিলাৰী।

২৫) প্ৰশ্ন : ইউনাইটেড লিবাৰেছন ফ্ৰণ্ট অৱ আছাম (আলফা) ই কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ বাবে গঠন কৰি দিয়া গোটটোৰ নাম কি?
উত্তৰ : পিপল্‌ছ কনছালটেটিভ গ্ৰুপ (পি. চি. জি.)

২৬) প্ৰশ্ন : কোন চনত লে.জে. অজয় সিং এ অসমৰ ৰাজ্যপাল হিচাপে  কাৰ্যভাৰ গ্ৰহণ কৰিছিল?
উত্তৰ : ২০০৩ চনত।

২৭) প্ৰশ্ন : অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি?
উত্তৰ : ছৈয়দা আনোৱাৰা টাইমূৰ।ৰাষ্ট্ৰীয়

২৭) প্ৰশ্ন : ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰৰ তলত থকা ‘সত্যমেৱ জয়তে’ শীৰ্ষক দেৱনাগৰী বাক্যশাৰী কোন উপনিষদৰ পৰা লোৱা হৈছে।
উত্তৰ : মুণ্ডক।

২৮) প্ৰশ্ন : ভাৰতৰ জাতীয় চৰাই আৰু জাতীয় জন্তু কি?
উত্তৰ : ম’ৰা চৰাই আৰু বাঘ।

২৯) প্ৰশ্ন : ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী কোন?
উত্তৰ : ৰাষ্ট্ৰপতি।

৩০) প্ৰশ্ন : ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন?
উত্তৰ : সৰোজিনী নাইডু (উত্তৰ প্ৰদেশ, ১৯৪৭-৪৮)।


Download PDF

Assamese GK.pdf 270kb

Join Us on Telegram

Welcome to our educational Telegram group! 🎓📚
Are you passionate about learning and eager to expand your knowledge? Look no further! Our educational Telegram group is a vibrant community of like-minded individuals who are dedicated to sharing and acquiring knowledge in various subjects and fields. In our group, you'll find a diverse range of members, including students, educators, professionals, and enthusiasts, all coming together to create a dynamic learning environment. Whether you're a high school student preparing for exams, a university student seeking additional resources, or someone simply curious to explore new ideas, this group is the perfect place for you.

Join Now

Contact Us

Whether you have a question, feedback, or require further information about our services, we encourage you to get in touch. We value every inquiry and strive to respond promptly and efficiently.

Contact Us

Tags

Assamese GK, Axomiya GK, Assamese General Knowledge, Assam GK, Important Question Answers for Assam Job